Skip to main content

Posts

Featured

ফিনিক্স

ফিনিক্স : গ্ৰীক কিম্বদন্তীৰ এটি চৰাই যিয়ে নিজকে নিজৰ ভস্মৰ পৰা পুনৰজীৱিত কৰিব পাৰে। শব্দটো ঠিক হৈছে নে, নেজানো। মই অসমীয়া স্কুলত পঢ়া যদিও অসমীয়াত অতি কেঁচা আছিলোঁ। বৌম পিটন খাইছিলো, কাণত ধৰি কেবাবাৰো বাহিৰত থিয় হোৱাৰ নজিৰ আছে হাতৰ আখৰৰ বাবদ। লিখিব নেজানো, কিন্তু সেইবুলি পঢ়িব এৰিম নেকি? ধাই ধুই পঢ়িছিলোঁ বাহিৰা কিতাপ। ইংৰাজী ভাল লাগিছিল, বিজ্ঞান ভাল লাগিছিল গতিকে অসমীয়া লিখাক "তা তা" দিছিলো এটা সময়ত, আজিৰ পৰা ১৪ বছৰ আগতে যেতিয়া শেষৰ বাৰৰ বাবে হাতৰ আখৰৰ কাৰণে গালি খাওঁ কলেজত, অসমীয়া ক্লাছত। B.Sc . ত আছিলোঁ, দম্ভ আছিল, নকৰো যা ক্লাছ এটাও। সেয়ে শেষ। কিন্তু যেতিয়া হিমাচল আৰু উত্তৰাখণ্ডত পঢ়া আৰু চাকৰি সূত্ৰে বহু বছৰ থাকিব লগা হয় মাতৃভাষা আৰু  কিতাপৰ টান কি অনুভৱ কৰিলো। অকব আৰু শব্দৰ যোগেদি ইউনিকোডৰ দুনীয়া খন নতুন কৈ চিনাকি হওঁ। এই জগত খনৰ লগত চিনাকি কৰাই দিয়ে মোৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অগ্ৰজ আৰু লণ্ডনৰ ইম্পেৰীয়েল কলেজত সেই সময়ত গৱেষণা কৰি থকা বিৰাজ কাকতি দায়ে। তথাপি ফেচবুকত দুই এটা কমেণ্ট কৰাৰ বাহিৰে অসমীয়া লিখা সঁজুলি যিহেতু সীমিত আছিল , মইও আগবাঢ়িব পৰা নাছিলোঁ। সেই সময়ত মনত পৰে

Latest posts