ফিনিক্স

ফিনিক্স : গ্ৰীক কিম্বদন্তীৰ এটি চৰাই যিয়ে নিজকে নিজৰ ভস্মৰ পৰা পুনৰজীৱিত কৰিব পাৰে।

শব্দটো ঠিক হৈছে নে, নেজানো। মই অসমীয়া স্কুলত পঢ়া যদিও অসমীয়াত অতি কেঁচা আছিলোঁ। বৌম পিটন খাইছিলো, কাণত ধৰি কেবাবাৰো বাহিৰত থিয় হোৱাৰ নজিৰ আছে হাতৰ আখৰৰ বাবদ। লিখিব নেজানো, কিন্তু সেইবুলি পঢ়িব এৰিম নেকি? ধাই ধুই পঢ়িছিলোঁ বাহিৰা কিতাপ।

ইংৰাজী ভাল লাগিছিল, বিজ্ঞান ভাল লাগিছিল গতিকে অসমীয়া লিখাক "তা তা" দিছিলো এটা সময়ত, আজিৰ পৰা ১৪ বছৰ আগতে যেতিয়া শেষৰ বাৰৰ বাবে হাতৰ আখৰৰ কাৰণে গালি খাওঁ কলেজত, অসমীয়া ক্লাছত। B.Sc. ত আছিলোঁ, দম্ভ আছিল, নকৰো যা ক্লাছ এটাও। সেয়ে শেষ।

কিন্তু যেতিয়া হিমাচল আৰু উত্তৰাখণ্ডত পঢ়া আৰু চাকৰি সূত্ৰে বহু বছৰ থাকিব লগা হয় মাতৃভাষা আৰু  কিতাপৰ টান কি অনুভৱ কৰিলো। অকব আৰু শব্দৰ যোগেদি ইউনিকোডৰ দুনীয়া খন নতুন কৈ চিনাকি হওঁ। এই জগত খনৰ লগত চিনাকি কৰাই দিয়ে মোৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অগ্ৰজ আৰু লণ্ডনৰ ইম্পেৰীয়েল কলেজত সেই সময়ত গৱেষণা কৰি থকা বিৰাজ কাকতি দায়ে। তথাপি ফেচবুকত দুই এটা কমেণ্ট কৰাৰ বাহিৰে অসমীয়া লিখা সঁজুলি যিহেতু সীমিত আছিল , মইও আগবাঢ়িব পৰা নাছিলোঁ। সেই সময়ত মনত পৰে igoogle ৰ কি বৰ্ড খন ব্যৱহাৰ কৰা কথা কিন্তু বৰ অসুবিধাজনক আছিল সেইখন, এটা ৱৰ্ডক কপি পেষ্ট কৰি লিখিছিলো তথাপি লিখিছিলো।

কেইবছৰ মান যোৱাত অংকিনি ক লগ পোৱাৰ পিছত তায়েই চিনাকি কৰাই দিয়ে এখন হাঁহিৰ জগত, ফেচবুকৰ ভিতৰত। গাজাৰী ডট কম। প্ৰথমতে চিৰিয়াছ নাছিলোঁ, চাওঁ কিন্তু কমেণ্ট নকৰো। তাই আৰু ভন্টি (মোৰ খুলশালি) সেইবোৰ পঢ়ি হাঁহি থাকে আৰু মই বোবাৰ দৰে অবাক হৈ চাই থাকোঁ। ২০১৬ চনৰ এপ্ৰিল মাহত দিল্লীত ট্রেনিং ৰ কামত ব্যস্ত থাকোতে এদিন মই আৰু তাই ফুৰিব যাওঁ শান্তনু ৰ ঘৰত। সঁচাকে কব গলে সেইদিনালৈকে নাম নুশুনা শান্তনু যাক চেং নামে আজি গাজাৰীৰ বাহিৰে ভিতৰে জানে , কোন হয়, কেনেকুৱা দেখে কোনো আইদিয়া নাছিল। সঁচা কব গলে দিল্লীৰ সেই বৰষুণৰ দিনটোত মই হোটেলত শুই কটাম বুলিহে ভাবিছিলোঁ, আৰু ২০ দিনৰ ওপৰত দিল্লীত আছিলোঁ যদিও  কাৰোবাৰ ঘৰত আলহী হৈ যাম বুলি কাপোৰো অনা নাছিলোঁ । লাগিল তাতে লেঠা, লেতেৰা কাপোৰ বোৰ ঘৰলৈ আহি ধুম বুলি থৈ দিওঁতে মোৰ সেইদিনা পিন্ধিব কোনো কাপোৰ নাছিল। এইৰ গালি শপনিত ৰখিব নোৱাৰি মুখাৰ্জী নগৰৰ কাপোৰৰ দোকানে দোকানে ঘূৰিব লগা হয়। পছন্দ হয়, চাইজ নাই, চাইজ আছে পছন্দ নাই। এখন দোকানত গৈ যেনিবা কিবা এটা পালো। তাকে পিন্ধি টুগলক নগৰ পালোগৈ সকলোকে লগত লৈ (মই, অংকিনি, দিল্লীত পঢ়িব অহা অংকিনিৰ কাজিন আৰু তাইৰ লগৰ ছোৱালী এজনী)। সেইবোৰ কৰি থাকোতে কিজানি শান্তনুৰ ঘৰ আহি পাওঁতে তিনি ঘণ্টা দেৰি হৈছিল। তাতে লগ পাওঁ এজন বৰকৈ অমায়িক লৰা নন ওৰফে নয়ন। ইহঁত তিনি জনে মিলি কি কি কথা পাতিছিল গাজাৰীৰ বিষয়ে নেজানো, বুজি পোৱা নাছিলোঁ। আমি বাকী থকা তিনিজনে টিভিটোকে চাই আছোঁ, মোবাইল পিটিকি আছোঁ, ইজনে সিজনৰ মুখ চাই আছোঁ, মানে এক্কেবাৰে নাৰ্ভাচ পৰিবেশ।

অলপ সময় পিছত খানা ৰেডি। আমি বাকী থকা গাজাৰীৰ আও ভাও নোপোৱা কেইজনে (মই, কাজিন আৰু সেই কাজিনৰ লগৰ জনী) যেন অকন সকাহ পালো। সুপ্ৰিয়া বৌয়ে সেইদিনা ৰান্ধিছিল সুস্বাদু চিকেন, আৰু মাটি ডাইল। আৰু নয়নে নিজ হাতেৰে বনাই আনিছিল গাহৰি ফ্ৰাই। সময় তেতিয়া আবেলি ৪ টা। ৰাতিপুৱা হোটেলত কোমপ্লিমেণ্টৰী ব্ৰেকফাষ্টত পৰঠা আৰু দৈ খায়ে ওলোৱা, আমাৰ নিচিনা দৈত্য কেইটাৰ ক'ত পেট পুৰাব! ভোকে চকুৰ পানী বোৱাই দিছে।

ভাত মাটি ডাইল আৰু গাহৰিৰ মাংস হট কেছত আনি দিয়াৰ লগে লগে সঁচা কৈছোঁ, কালৈকো নৰলো।  ভোকত পাহৰি গলো আমি ক'ত আছোঁ। ইহঁত দুজনীয়ে হামলা দিলে ভাত আৰু গাহৰিত, আৰু মই হামলা দিলোঁ ভাত আৰু মাটি ডাইল, গাহৰিত। অলপ সময় পিছত দেখিছোঁ বৌ ৱে লৈ আহিছে চিকেনৰ বাতি টো। লাজ লাজ কৈ কলোঁ আমি আৰম্ভ কৰিলোঁ দেই বুলি। তেতিয়ালৈকে বাকী তিনিজন (অংকিনি, নন আৰু চেং ৰ গাজাৰীৰ কথা পতা শেষ হোৱা নাই আৰু ইফালে মই মাটি ডাইলৰ চাৰ্ভিঙ বাতিটো আধা শেষ কৰিলোঁ, আৰু ইহঁত দুজনীয়ে হট কেছৰ গাহৰি আধা কৰিলে!) মই বোলো লাহে লাহে খা, বাকী বোৰে দেখোন থালেই লোৱা নাই আৰু আমি খাই শেষ কৰিলোঁ। সঁচা কব গলে নন ৰ সেই গাহৰি মাংস আৰু বৌ ৰ হাতৰ মাটি ডাইল আৰু চিকেন ইমান সোৱাদ হৈছিল যে আজিও মনত পৰিলে পেট ভৰাই খাব মন যায়। খোৱা বোৱা শেষ হোৱাৰ পিছত কথা আৰম্ভ হ'ল। তাৰ পিছত হাঁহি এণ্ড হাঁহি।

মই ভাবো সকলোৰে অনুপ্ৰেৰণাৰ উৎস বেলেগ বেলেগ। কিছুমানক ভাল মাত এষাৰীয়ে ইমান অনুপ্ৰেৰণা যোগায় যে সাত সাগৰ তেৰ নদীৰ পাৰৰ পৰা ধপলিয়াই আহে আৰু কিছুমানক কিছুমান মনীষীৰ উক্তিয়ে। মোৰ অনুপ্ৰেৰণাৰ উৎস হ'ল ভাল সুস্বাদু খাদ্য।

সেইবাবে ননয়ে খুওৱা গাহৰি আৰু বৌৰ হাতৰ মুৰ্গী আৰু মাটি ডাইলে গাজাৰীক আৰু গাজাৰীৰ মানুহবোৰক মোৰ আপোন কৰাই দিলে। এইখিনিতে কওঁ যিয়ে নয়ন ৰ হাতৰ পৰা গাহৰি খোৱা নাই, সঁচা কৈছোঁ বৰ ডাঙৰ বস্তু এটা মিছ কৰি আছে।

সেই যে সেইদিনা হাঁহিলো , সেই হাঁহি আজিলৈকে মাৰি আছোঁ। সুখত থাকিলে গাজাৰীত কিবা এফাঁকি লিখি দিওঁ, দুখত থাকিলে ফেচবুকৰ নিজৰ ৱালতে দুখত কিবা এফাঁকি লিখি দিওঁ। গাজাৰীৰ জৰিয়তে চিনাকি হোৱা ৰিয়ান দা, অভিজিত দা, দীপাংকৰ দা হতে প্ৰসংশা কৰে, লিখিব কয়, ভুল বোৰ শুধৰাই দিয়ে।

সেই বাবে ভাবো গাজাৰী ডট কম মোৰ বাবে এটি অনুষ্ঠান, মোৰ বাবে ই এখন পঢ়াশালীও। বাকী থাকিল লিখাৰ কথা। এতিয়াও শিকি আছোঁ, হাঁহি আছোঁ। ভাল লিখিব নোৱাৰো, কিন্তু বেয়া লিখিব বেয়া পাওঁ। মোবাইলত যিহেতু লিখোঁ হাতৰ আখৰৰ কোনো প্ৰয়োজন নাই। সেইফালৰ পৰা মই লাজ ফ্ৰি।

এয়ে মোৰ কাহিনী, অসমীয়া লিখা পঢ়াৰ লগত পুনৰ চিনাকিৰ চানেকি।

মোৰ বাবে অকলে এই যাত্ৰা কৰা আৰম্ভ কৰা অসম্ভৱ আছিল, সেই ক্ষেত্ৰত মোক এই জগত খনৰ লগত চিনাকি আৰু আঙুলিত ধৰি আগবঢ়াই লৈ গৈছিল বিৰাজ দায়ে, তেখেতৰ প্ৰতি মই চিৰ কৃতজ্ঞ।

Comments

খুব ভাল লাগিল পঢ়ি ।